সদ্য বিবাহিত ৰাজা ৰঘুৱংশী চেৰাপুঞ্জিত হানিমুনৰ সময়তে হত্যা — পত্নী সোণম সহ ৩ গৰাকী গ্ৰেপ্তাৰ
নৱ বিবাহিত ৰাজা ৰঘুৱংশীৰ চেৰাপুঞ্জিত হানিমুনৰ সময়তে হোৱা নৃশংস হত্যাকাণ্ডৰ তদন্ত মেঘালয় আৰক্ষীৰ বিশেষ অনুসন্ধান দলে তীব্ৰভাৱে কৰি আছে ।
ময়নাতদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৰাজাৰ শিৰত দুটা তীক্ষ্ণ অস্ত্ৰৰ আঘাত পোৱা গৈছে। আৰক্ষীৰ সন্দেহ অনুসৰি, হত্যাৰ বাবে ব্যৱহৃত হোৱা অস্ত্ৰটো ঘটনাস্থলীৰ ওচৰৰ পৰা উদ্ধাৰ কৰা দাও আকৃতিৰ এক তীক্ষ্ণ অস্ত্ৰ।
এই হত্যাকাণ্ডত ৰাজাৰ পত্নী সোণমৰ লগতে তিনিজন সহযোগীক উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তত ধৃতসকলে স্বীকাৰ কৰিছে যে সোণমৰ নিৰ্দেশত তেওঁলোকে ৰাজাক হত্যা কৰিবলৈ নিযুক্তি লৈছিল। সোণমক ঘাজিপুৰৰ পৰা আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰাৰ বাবে মেঘালয় আৰক্ষী ইতিমধ্যে যাত্ৰা কৰিছে।
Post a Comment